শ্ৰীকৃষ্ণ-গীতা (অষ্টাদশ অধ্যায়)

সমস্ত ধৰ্ম সবে পৰিহৰা ৷ দৃঢ় মোত মাত্ৰ বিশ্ৱাস কৰা ৷৷
হৰি বোল হৰি বোল মাধৱ ৰাম ৷৷ ঝুনা ৰহস্য ভক্তিৰ কহো সাধনে ৷ মোক হৃদি ধৰি নেৰিবা মনে ৷৷ মইসে জানিবা পৰম গতি ৷ এহি জানি কৰা দৃঢ় ভকতি ৷৷ ১২০ মোকেসে ভজিবা পূজিবা নিত্য ৷ মোৰ নাম লৈবা একাগ্ৰ চিত্ত ৷৷ কৰি দণ্ডৱত পৰি লুটিয়া ৷ ভয় লাভ দুয়ো যাইব লুটিয়া ৷৷ ১২১ যদি যাহা তুমি গ্ৰাম সমাজে ৷ মোহোৰ স্মৰণ নেৰিবা লাজে ৷৷ [...] (১)
এক-শৰণ তত্ত্ৱ
যিখানি গীতাৰ সমস্ত অৰ্থ ৷ শুনা সখি হেৰা কহিলে তথ্য ৷৷ ১২৬ অতিগুহ্যৰ কহো প্ৰত্যেক ৷ সব এৰি হৈবা শৰণ এক ৷৷ সমস্ত ধৰ্ম সবে পৰিহৰা ৷ দৃঢ় মোত মাত্ৰ বিশ্ৱাস কৰা ৷৷ ১২৭ যাহাক শৰণ এক বোলয় ৷ তাৰ তত্ৱ কহো শুনা নিৰ্ণয় ৷৷ কেৱল কৃষ্ণত শৰণ লই ৷ ঈশ্ৱৰ ভজিয়া তৰিবো মই ৷৷ ১২৮ মোক ভজে মাত্ৰ এৰি সকলে ৷ শৰণ যে এক ইহাক বোলে ৷৷ মোত দৃঢ় কৰি মন সন্তোষে ৷ নপাৱে বিধি নিষেধৰ দোষে ৷৷ ১২৯ যদি বোলা ধৰ্ম্ম এৰিলে পাপ ৷ তাহাৰ নিমিত্তে নকৰা তাপ ৷৷ যিটো এক মোত শৰণ হোৱে ৷ জন্ম কোটি পাপ ভষ্মক পাৱে ৷৷ ১৩০ মোহোক ভজিলে কাহাত ভয় ৷ সমস্ত পাতক তৰাইবো মই ৷৷ (২)
সৰ্ব্ব ধৰ্ম্ম এৰি হৰি ভজনে ৷ শুনিয়া পণ্ডিত আশ্চৰ্য়্য মানে ৷৷ ১৩১ যেবেসে ধৰ্ম্মক এৰয় নৰ ৷ কোন যে পাপ আছে তাত পৰ ৷৷ বোলে প্ৰলোভ বাক্য কৃষ্ণৰ ৷ এহি বুলি বিশ্ৱাস নকৰে নৰ ৷৷ ১৩২ যদি শাস্ত্ৰ পঢ়ি আছে সাক্ষাত ৷ স্ৱৰূপত নিজিজ্ঞাসয় তত্ৱ ৷৷ তপ জপ যজ্ঞ দান চিন্তন ৷ দৃঢ় বিশ্ৱাসৰ সবে সাধন ৷৷ ১৩৩ মোহোত নভজে সবে একান্ত ৷ পঢ়িয়া শাস্ত্ৰক হোৱে বিভ্ৰান্ত ৷৷ যদি শাস্ত্ৰ জ্ঞানে অৰ্থক পাই ৷ তথাপি মোহোত বিশ্ৱাস নাই ৷৷ ১৩৪ আৰো মায়া মোহ আছে জগত ৷ এতেকে মোহোৰ নজানে তত্ৱ ৷৷ কহিলো তোমাত সাৰ পূৰ্ব্বত ৷ দ্ৱিতীয় তৃতীয় অধ্যায়ত ৷৷ ১৩৫ ব্যৱসায়াত্মিকা যাহাক বোলে ৷ সৰ্ব্ব ধৰ্ম্ম এৰি ভজা সকলে ৷৷ দুয়ো বাক্য এক জানিবা তত্ৱ ৷ হেৰা অষ্টাদশ কৈলো বেকত ৷৷ ১৩৬ (৩)
মোত যাৰ ভৈল বিশ্ৱাস দৃঢ় ৷ সেহিসে জানিবা পণ্ডিত বৰ ৷৷ প্ৰিয় বুলি মাত্ৰ মোকেসে মানে ৷ মোহোৰ স্ৱৰূপ সেহিসে জানে ৷৷ ১৩৭ সকলো ভক্তিৰ এখানে সাৰ ৷ বিশ্ৱাস দৃঢ় পৰে নাহি আৰ ৷৷ যিখানি আছিল ৰহস্য ভাগ ৷ প্ৰিয় ভক্ত বুলি কহিলো তাক ৷৷ ১৩৮ কহয় মিশ্ৰ যে বিপ্ৰ গোবিন্দ ৷ পুনৰপি বন্দো পদাৰবিন্দ ৷৷ ধৰিবো চৰণে মনত কৰি ৷ ডাকি চাৰি সবে বুলিয়ো হৰি ৷৷ ১৩৯ (৪)
Top ↑