মহাপুৰুষ মাধৱ গুৰুজনাৰ পৱিত্ৰ জন্মস্থান উজীৰৰ টোল
বঢ়াৰ পো মহাপুৰুষ মাধৱ গুৰুজনাৰ পৱিত্ৰ জন্মস্থান, হৰিশিঙা বৰা উজীৰৰ টোল, ৰঙাজান, কাঁচিকটা৷ মাধৱদেৱৰ পিতৃ বৰকণাগিৰি (গোবিন্দ গিৰি ভূঞা) আৰু মাতৃ মনোৰমা আই৷ বাৰভূঞা আৰু কছাৰী সকলৰ মাজত হোৱা অঁৰিয়া-অঁৰিৰ বাবে কছাৰীৰ উপদ্ৰবত গোবিন্দ গিৰি ভূঞা নিজৰ ভাৰ্য্যাসহিতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ পলাই অহাৰ সময়ত বাটতে তেওঁলোকৰ সকলো সম্পত্তি দুৰ্বৃত্তই চুৰ কৰি নিয়ে ৷ এনে অসহায় অৱস্থাত আহোম ৰজাৰ বিষয়া উজীৰ হৰিশিঙা বৰাই লগ পাই তেওঁলোকক নিজৰ ঘৰতে পৰিচৰ্য্যা কৰি ৰাখে ৷ তাতেই ১৪৮৯ চনত গুৰুজনাৰ জন্ম হয়৷ পিচলা আৰু ডিক্ৰং নদীৰ মাজত অৱস্থিত বাংফা মৌজা, বৰ্তমানৰ লখিমপুৰ জিলাৰ, বিহপুৰীয়া বা তাহানিৰ বৰ-নাৰায়ণপুৰৰ অন্তৰ্গত এই পৱিত্ৰ স্থান৷ গুৰুজনৰ জন্মৰ সময়ত নাইকটা কাঁচিখন ওচৰৰ নদীখনত পেলোৱাৰ বাবে তাৰ নাম কাঁচিকটা ৰখা হয় বুলি জনবিশ্বাস৷ ওচৰৰ জানটোত অশৌচৰ কাপোৰ ধোৱা বাবে তেজেৰে পানী ৰঙা হোৱাত তাৰ নাম ৰঙাজান হোৱা বুলি প্ৰচলিত৷

ওপৰৰ চিত্ৰত (ক) মূল প্ৰৱেশ দ্বাৰ (খ) বৰ্তমানৰ নামঘৰ (গ) নামঘৰৰ বাটচ'ৰা (ঘ) নামঘৰৰ মণিকূট (ঙ) মাধৱদেৱে ব্যৱহাৰ কৰা কেইপদমান সামগ্ৰী - পিতলৰ টিলিঙা, পাঞ্চজন্য শংখ , ধূপদানী আৰু গুৰুজনাৰ পদশিলা৷
[For other documents and articles on the Sankaradeva Movement, visit
ATributeTo