PDF | Translation

মহাপুৰুষীয়া ধৰ্ম

আমাৰ অসমত সকলোৰে মুখে মুখে মহাপুৰুষীয়া ধৰ্ম বুলি একেষাৰে কথা প্ৰচলিত হৈ আহিছে ৷ বহুতে ভাৱে যে মহাপুৰুষ মাধৱদেৱে প্ৰৱৰ্ত্তোৱা ধৰ্ম বাবে ‘মহাপুৰুষীয়া ধৰ্ম’ বোলে ৷ অনেকে মত ব্যক্ত কৰা শুনা যায় যে মহাপুৰুষ বুলিলে মাধৱদেৱকে বুজায়; কিন্তু আচল কথাতো তেনে নহয় ৷

এই সম্পৰ্কে মহামুনি শুকদেৱে মহাৰাজ পৰীক্ষিতৰ আগত যিখিনি কথা প্ৰথমতে ভাগৱতত কৈছিল তাকে পাঠকসকলৰ আগত অৱতাৰণা কৰিলো—

যথা:

ইদং ভাগৱতং নাম পুৰানং ব্ৰহ্মসম্মিতং ৷ অধিতবান্‌ দ্ৱাপৰা পিতুদ্ৱৈপায়নাদহং ৷৷

অৰ্থাত্‍ হে ৰাজন্‌, এই ভাগৱত নামৰ পুৰাণখন ম‍ই দ্ৱাপৰ যুগৰ অন্ত সময়ত মোৰ পিতৃ দ্ৱৈপায়ণ ব্যাসদেৱৰ মুখৰ পৰা অধ্যয়ন কৰিছিলো ৷ এই পুৰাণত ব্ৰহ্মৰ স্ৱৰুপ লক্ষণ আৰু টতস্থ লক্ষণ উত্তম প্ৰকাৰেৰে নিৰূপণ কৰা হৈছে ৷ অথবা এই পুৰাণত ব্ৰহ্মৰ স্ৱৰূপতত্ত্ৱ উত্তমৰূপে ব্যাখ্যা বা নিৰূপণ কৰা হৈছে ৷ (অৰ্থাত্‍ ব্ৰহ্মৰ স্ৱৰূপতত্ত্ৱ নিৰূপণ নকৰা হ’লে ম‍ই অধ্যয়ন নকৰিলোহেঁতেন ৷)

পৰিনিষ্ঠিতোহনি নৈৰ্গুণ্য উত্তমশ্লোকলীলয়া ৷ গৃহীতচেতা ৰাজৰ্ষে আখ্যানং তদধীতবান্‌ ৷৷ তদহং তেহভিধাস্যামি মহাপৌৰুষিকো ভবান্‌ ৷ যস্য শ্ৰদ্ধতামাশু স্যান্মুকুন্দে মতিঃ সতী ৷৷

অৰ্থাত্‍ হে ৰাজন! ম‍ই গুনাতীত যদিও উত্তম শ্লোক ভগৱন্তৰ লীলা চৰিত্ৰৰ আকৰ্ষণে মোৰ চিত্ত বৰকৈ টানিলে ৷ সেই বাবেহে মানৱ-মূৰ্ত্তিৰ অনুকৰণ কৰা পৰমেশ্ৱৰৰ লীলা চৰিত্ৰ থকা ভাগৱত শাস্ত্ৰ ম‍ই অধ্যয়ন কৰিছিলো ৷ মহাপুৰুষ ভগৱন্তৰ সেই লীলা চৰিত্ৰ সমূহ তোমাৰ আগত প্ৰকাশ কৰিম ৷ যেহেতু তুমিও মহাপুৰুষীয়া লোক ৷ (ব্ৰহ্মজ্ঞানীৰ নিৰ্গুণ মনক সংসাৰৰ বিষয়-বাসনাই টানিব নোৱাৰে, কিন্তু পৰমেশ্ৱৰৰ লীলা চৰিত্ৰ‌ই বা নাম-কীৰ্ত্তন আদিয়ে নিৰ্গুণী মহাযোগী মনকো টানিব পাৰে ৷) বলবান প্ৰাণীয়ে বলহীন প্ৰাণীক টানি নিয়াৰ দৰে শ্ৰীকৃষ্ণৰ চৰিত্ৰৰ আকৰ্ষণত ম‍ই শ্ৰীকৃষ্ণৰ লীলা কথা অধ্যয়ন কৰিছিলো ৷ হে মহাপুৰুষীয়া ৰাজন্‌, এই কৃষ্ণৰ লীলা চৰিত্ৰৰ প্ৰতি শ্ৰদ্ধা উপজিলে আৰু তাৰ প্ৰতি অনুৰাগ বাঢ়িলে সেই পুৰুষৰ ভগৱন্তৰ চৰণত শুদ্ধ ভক্তি উত্‍পন্ন হ’ব ৷

এতন্নিৰ্ব্বিদ্যমানানামিচ্ছতাম কুতোহ ভয়ং ৷ যোগীনাংনৃপনিৰ্ন্নীতং হৰেৰ্ণামানু কীৰ্ত্তনং ৷৷

ম‍ই তোমাৰ আগত যি কথা ক’ব খুজিছো, সেই কথা মুক্ত (জীৱন্মুক্ত) পুৰুষ, মোক্ষাৰ্থী আৰু যোগী (কৰ্ম্মী) এই তিনিও মানুহৰ পক্ষেই অতি লাগতিয়াল বুলি পূৰ্ব্বকালৰে পৰা নিৰূপণ হৈ আহিছে ৷ অৰ্থাত্‍ যি সকলে জীৱন্ততে আত্মাভিমান দূৰ কৰি মুক্ত হ’ল, তেনেলোকৰ পক্ষেও হৰিনাম কীৰ্ত্তন উপকাৰী ৷ যি সকল মুক্তিৰ প্ৰাৰ্থী অৰ্থাত্‍ এই সংসাৰত বাৰে বাৰে ওপজা মৰাৰ শাস্তি ভোগ কৰি থকা অৱস্থাৰ পৰা একেবাৰে মুক্ত হ’বলৈ যি সকলে ইচ্ছা কৰে, সেই সকলৰ পক্ষেও হৰিনাম কীৰ্ত্তন অত্যন্ত উপকাৰী ৷ আৰু যি সকল যোগী অৰ্থাত্‍ ভক্তি যোগী, জ্ঞান যোগী বা কৰ্ম্ম যোগী অথবা হঠ যোগী এই সকলো বিধ মানুহৰ কাৰণে হৰিনাম কীৰ্ত্তনেইহে উত্তম কৰ্তব্য ধৰ্ম্ম বুলি পূৰ্ব্বকালৰ মহাজ্ঞানী পুৰুষসকলৰ দ্ৱাৰা নিৰূপিত হৈ আছে ৷

পাঠক সকল! মহামুনি শুকদেৱে পৰমেশ্ৱৰ ভগৱন্তকে মহাপুৰুষ বুলি মহাৰাজা পৰীক্ষিতক মহাপুৰুষীয়া ভক্ত বুলি নিৰূপণ কৰি গৈছে ৷ তাৰ পৰৱৰ্ত্তী কালতো মহত্‍ গুণ যুক্ত পুৰুষসকলক মানৱ সমাজে মহাপুৰুষ বুলি বিশেষণ দিয়ে ৷ সেইদৰেই শ্ৰীমন্ত শঙ্কৰদেৱক জনসাধাৰণে তেখেতৰ অসাধাৰণ মহত্ৱ দেখি তেখেতক মহাপুৰুষ বুলি অভিহিত কৰি গৈছে ৷ তাৰ পাছে শ্ৰীশ্ৰীমাধৱদেৱকো আৰু অনেকে শ্ৰীদামোদৰদেৱকো মহাপুৰুষ বুলি বিশেষণ দিছে ৷ অৱশ্যে আমালোক নগণ্য জনে অমুক জন মহাপুৰুষ তমুক জন মহাপুৰুষ নহয় বুলি মন্তৱ্য কৰিবলৈ সক্ষম নহওঁ ৷ কিন্তু এইটো স্থিৰ কথা যে জনসাধাৰণে অসাধাৰণ মহত্ৱ দেখা পোৱা লোকক মহাপুৰুষ বুলি অভিহিত কৰে ৷

ভাগৱতৰ বচনৰ পৰা বুজা হ’ল যে পৰমেশ্ৱৰক মহাপুৰুষ বোলে আৰু পৰমেশ্ৱৰৰ অংশ সম্ভূত মহত্‍ প্ৰতিভাশালী পুৰুষ সকলকো মহাপুৰুষ বোলে ৷ সেই বাবে ভাগৱতী মতৰ ওপৰত প্ৰতিষ্ঠিত ধৰ্ম্মকে মহাপুৰুষীয়া ধৰ্ম্ম বোলে, আৰু মহাপুৰুষ শঙ্কৰ-মাধৱ পুৰুষ সকলে প্ৰতিষ্ঠা কৰা, প্ৰৱৰ্ত্তন কৰা ধৰ্ম্মমতকো —সেই ধৰ্ম্ম ভাগৱতৰ মতত স্থাপিত বাবে মহাপুৰুষীয়া ধৰ্ম্ম বোলে

(শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ‘নাম-ধৰ্ম , একত্ৰ সঙ্কলন: প্ৰথম খণ্ড’ৰ পৰা)

Top ↑