PDF | Translation

‘শঙ্কৰ-মাধৱ বাদানুবাদ’

শ্রীমাধৱদেৱ শাক্ত আছিল ৷ তেখেতৰ বৈনায়েক ৰামদাসে দেৱী পূজা কৰিবলৈ ছাগলি কিনি নানি শ্রীমন্ত শঙ্কৰদেৱৰ কথা কোৱাত তেখেতৰ খং উথিল আৰু পিচ দিনা শ্রীমন্ত শঙ্কৰদেৱৰ লগত বাদ কৰিবলৈ গ’ল ৷ ৰামদাসে শ্রীমাধৱদেৱৰ পৰিচয় দি কথাতো জনালে ৷ তাৰ পাচত:

শঙ্কৰে বোলন্ত জানিলো তোমাৰ নাহি শাস্ত্র-পৰিচয় ৷ মহামূৰ্খ লোকে শাস্ত্রক নজানি অন্য দেৱ উপাসয় ৷৷ শাস্ত্র-জ্ঞান ভৈলে কিয় নজানিবা কোন দেৱ শ্রেষ্ঠতৰ ৷ ৰামদাসে বোলে এহন্তে পণ্ডিত শাস্ত্রক জানে বিস্তৰ ৷৷ [৪৫৮] শুনিয়া মাধৱে শ্লোকক পঢ়িলা কৰি আতি খৰতৰ ৷ মহামায়া দেৱী পৰম ঈশ্বৰী পূজে তাঙ্ক চৰাচৰ ৷৷ ব্রহ্মা, ৰুদ্র, ইন্দ্র চন্দ্রেও অর্চ্চিছা আনো দেৱ নিৰন্তৰে ৷ শত পদ্ম দিয়া বিস্তাৰ অর্চ্চিছে অণ্ড স্ৰজিবাক তৰে ৷৷ [৪৫৯] প্রকৃতিৰ অংশ দুর্গা গোসানীক পূজা কৰি সৰ্ব্বজন ৷ গৃহস্থ-ধর্মত থাকি বলি দিলে দোষ বোলা কি কাৰণ ৷৷ শঙ্কৰে বোলন্ত শুনিয়ো মাধৱ কথা কহো পূৰ্ব্বাপৰ ৷ প্রকৃতিও জানা ঈশ্বৰ-স্ৰজনা ইটো কথা সাৰোত্তৰ ৷৷ [৪৬০] অনাদি অনন্ত নিত্য নিৰঞ্জন সনাতন দেৱ হৰি ৷ হেন প্রকৃতিক কোটি কোটি শত স্রজন্ত উপসংহৰি ৷৷ কোটি কোটি মায়া স্রজন্ত পালন্ত যাৰ আজ্ঞা শিৰে ধৰি ৷ তিনি গুণ-দ্বাৰে সৃষ্টি প্রবর্ত্তান্ত নানান বিনোদ কৰি ৷৷ [৪৬১] ঈশ্বৰত কৰি কৈলা মায়া শ্রেষ্ঠ ইটো কথা বামানয় ৷ পুৰাণ ভাৰতে গীতা ভাগৱতে আক পুনু নকহয় ৷৷ মাধৱে বোলন্ত ঘৃতৰ প্রদীপ দেই বলি সমস্তত ৷ যত ডালি লোম পোৰে ততকাল থাকিবে লাগে স্বর্গত ৷৷ [৪৬২] শঙ্কৰে বোলন্ত বিষ্ণু-ভক্ত সৱে স্বর্গ-সুখ নবাঞ্ছয় ৷ অমৃত ভোজন কৰা লোকে যেন খাৰ-পানী নখাৱয় ৷৷ মাধৱে বোলন্ত কামৰূপে থাকি অম্বিকা দেৱী পূজিব ৷ অন্তকালে সিটো দেৱীৰ প্রসাদে অক্ষয় স্বর্গ লভিব ৷৷ [৪৬৩] শঙ্কৰে বোলন্ত হিংসা-ধর্ম কৰি স্বর্গসুখ নপাৱয় ৷ বৈষ্ণৱী পূজাক কৰি যদি পাৱে নুগুচে যাতনা ভয় ৷৷ কেতিক্ষণে সিটো পাৰ হও আৰ মনে শঙ্কা নুগুচয় ৷ পথত যাহন্তে বলিগণে পায়া মুচৰি ঘাড় চিঙ্গয় ৷৷ [৪৬৪] অন্তকালে গৈয়া অধোমুখ হুইয়া পৰে ঘোৰ নৰকত ৷ যমদূতে তাক ভুঞ্জাৱে যাতনা কহিবোহো কথা কত ৷৷ মাধৱে বোলন্ত বলি-ৱিশ্বদেৱ ধর্ম ইটো গৃহস্থৰ ৷ পঞ্চ-যজ্ঞ নিতে কৰিবাক লাগে বিহিত ইটো শাস্ত্রৰ ৷৷ [৪৬৫] পঞ্চ-ঋন ইটো নুশুজয় যিটো তাত পৰে পাপী নাই ৷ বেদৰ বিহিত কর্ম ত্যাগ কৰি মৰি নৰকক যাই ৷৷ শঙ্কৰে বোলন্ত ঈশ্বৰ কৃষ্ণত যি লৈলে এক-শৰণ ৷ কায়-বাক্য-মনে সুদৃঢ় বিশ্বাসে ভজিয়া কৃষ্ণ চৰণ ৷৷ [৪৬৬] কাৰো আৰু সিটো কিঙ্কৰ নুহিকে একো ঋণে নপাৱয় ৷ অন্ত-কালে গৈয়া পায় অপ্রয়াসে বিষ্ণু-লোক অনাময় ৷৷ মাধৱে বোলন্ত ইটো সৱ কথা নিবৃত্তি পৰ লোকৰ ৷ গৃহবাস তেজি ইন্দ্রিয়ক দমি সঙ্গ লৈবে বিৰক্তৰ ৷৷ [৪৬৭] যেই মিলে তাক আহাৰ কৰিব নকৰি একো আয়াস ৷ চিত্ত-শুদ্ধি অর্থে তীর্থত ভ্রমিব কৰিয়া বহু প্রয়াস ৷৷ জন্মান্তৰে পাচে সত্সঙ্গ লভিয়া কৰিয়া হৰি-ভকতি ৷ কোনো বিচক্ষণ মহা যত্ন কৰি তেৱেসে লভিবে গতি ৷৷ [৪৬৮] কাম-ক্রোধ-লোভ যুক্ত লোক যত ভাৰ্য্যা পুত্রে আসকতি ৷ বলি-ৱিশ্বদেৱ তেজি কর্ম ধর্ম যাইবে সিটো অধোগতি ৷৷ শঙ্কৰে বোলন্ত ধৰিবে পাৰিলে বিষয়ীৰো আছে গতি ৷ একান্ত-শৰণ সমস্তৰে ধর্ম কহিছন্ত যদুপতি ৷৷ [৪৬৯] গীতাৰ অন্তত কন্ত অৰ্জ্জুনত আপুনি নন্দ-নন্দন ৷ সর্ব ধর্ম ত্যাগ কৰি মোত মাত্র যি লৈলে এক-শৰণ ৷৷ সর্ব পাতকত হন্তে তাৰো তাক কৰোক মাত্র নিশ্চয় ৷ কৈলো সৰ্ব্বসাৰ তোমাৰ আগত নাহিকে আত সংশয় ৷৷ [৪৭০] নামধর্ম যেন মহামহৌষধি শুনা থিৰ কৰি চিত্ত ৷ পদ্ম-পুৰানত আপুনি কৱন্ত ৰুদ্রদেৱে পার্বতীত ৷৷ এক দেৱতাক উপাসনা কৰে সমস্তে ভোগ কৰয় ৷ স্ব-বিষয়ক বিৰোধ কৰন্ত জলক তাপ দিৱয় ৷৷ [৪৭১] বৈৰাগ্যত জ্ঞান একো নাহিকয় একো ধর্ম নাচৰয় ৷ এক নাম মাত্র গায়া মহাসুখে সিসৱ গতি পাৱয় ৷৷ সকলো ধর্মক আচৰণ কৰি নপায় কৈলো সম্প্রতি ৷ নাম-ধর্ম শ্রেষ্ঠ সৱাতো কৰিয়া জানিবা তুমি পার্বতী ৷৷ [৪৭২] মাধৱে বোলন্ত পূজা নকৰিলে দেৱ সৱে বিঘ্নি কৰে ৷ এক শৰণীয়া হুইবাৰ দেখিলে স্ত্রী-সম্পত্তিক হৰে ৷৷ ধন জন যত বিভৱ আছয় ক্ষীন হুয়া লোক যত ৷ খাইবে খুটিবেক একো নথাকয় আসুখ মিলে মনত ৷৷ [৪৭৩] শঙ্কৰে বোলন্ত বিষ্ণু-ভক্ত সৱে বিঘিনিক নগণয় ৷ সংসাৰৰ সুখে নশ্বৰ জানিয়া একো খেদ নকৰয় ৷৷ দেৱ সৱে বিঘ্নি কৰিবে নপাৰে ভজিলে কৃষ্ণ দেৱক ৷ কৰয় সাদৰ দেৱতাসকলে ভক্তিমন্ত পুৰুষক ৷৷ [৪৭৪] হৰি-দাস সৱে ঈশ্বৰত বিনে একো দেৱ নভজয় ৷ কৃষ্ণত শৰণ লৈলে প্রাণান্তিকো অন্য দেৱ নুপূজয় ৷৷ মাধৱে বোলন্ত ঈশ্বৰৰ মূর্ত্তি যতেক দেৱতাচয় ৷ দেৱতা সৱক পূজা কৰিলন্তে একো দোষ নিসিজয় ৷৷ [৪৭৫] কহিছে শাস্ত্রত ঈশ্বৰৰ তনু যতেক দেৱতাগণ ৷ বিৰাট মূর্ত্তিৰ অঙ্গ হেন জানি কৰিবে লাগে পূজন ৷৷ চক্ষু বুলি জানা সূৰ্য্যক পূজিব চন্দ্রক বুলিয়া মন ৷ কর্ণ বুলি জানা অর্চ্চিব বায়ুক মুখক যে হুতাশন ৷৷ [৪৭৬] অশ্বিনীকুমাৰ নাসিকা বুলিয়া জিহ্বা বুলি বৰুণক ৷ ঈশ্বৰৰ বাহু বুলিয়া পূজিব দেৱৰাজ বাসবক ৷৷ হেন শুনি হাসি শঙ্কৰে বোলন্ত শুনিয়ো মাধৱ কথা ৷ কর্ম-যোগ ভক্তি যিটো জনে কৰে তাহাৰ হেন অৱস্থা ৷৷ [৪৭৭] ভাগৱতী ভক্তি যিজনে কৰয় শুনিয়ো তাৰ নির্ণয় ৷ একে কৃষ্ণকেসে কৰে মাত্র পূজা কৰিয়া দৃঢ় নিশ্চয় ৷৷ হৰিক পূজিলে দেৱতা সৱৰ পৰম সন্তোষ হয় ৷ এহি কথা জানি মহন্তসকলে কৃষ্ণক মাত্র পূজয় ৷৷ [৪৭৮] কৃষ্ণক পূজিলে যতেক দেৱৰ তৃপিতি হন্ত মনত ৷ বৃক্ষ মূলে যেন জল দান দিলে তুষ্ট হয় শাখা যত ৷৷ ডাল, পুষ্প, পত্রে পানী দিলে যেন সন্তোষ নাহি বৃক্ষৰ ৷ তেনমতে জানা পৃথকে পূজিলে সন্তোষ নাহি দেৱৰ ৷৷ [৪৭৯] কোন এক জন পুৰুষৰ ক্ষুধা লাগি আছে অন্তৰত ৷ বস্ত্র অলঙ্কাৰ পুষ্প চন্দনক পিন্ধাৱয় বাহিৰত ৷৷ বস্ত্র অলঙ্কাৰ পিন্ধাইলাতো একো সুখ নাহি ইন্দ্রিয়ৰ ৷ যাৱত ভোজন নকৰয় মানে সন্তোষ নাহি প্রাণৰ ৷৷ [৪৮০] অন্ন ভুঞ্জিলাত সৱে তুষ্ট হোৱে প্রাণ মন ইন্দ্রিয়ৰ ৷ সেহিমতে জানা হৰিক পূজিলে তুষ্ট দেৱ নিৰন্তৰ ৷৷ শুনা সৰ্ব্বজন কথা বিতোপন সভাসদ নিৰন্তৰে ৷ মাধৱ শঙ্কৰে কৰিলা বিনোদ জীৱ তাৰিবাৰ তৰে ৷৷ [৪৮১] মাধৱে ৰাখন্ত প্রবৃত্তি-মার্গক শঙ্কৰে কৰে খণ্ডন ৷ শ্লোকে শ্লোকে কন্ত দুহানে বুজন্ত চাহি আছে সর্ব্বজন ৷৷ ছয় সাত শ্লোক মাধৱে পঢ়ন্ত আতি খৰতৰ কৰি ৷ এক শ্লোক পঢ়ি শ্রীমন্ত শঙ্কৰে সৱাকো নেন্ত সংহৰি ৷৷ [৪৮২] এহিমতে দুয়ো- জনে শ্লোকে বাদ কৰিয়া এক প্রহৰ ৷ বাদে নোৱাৰিলা মাধৱ ৰহিলা নিদিয়া একো উত্তৰ ৷৷ শঙ্কৰে সম্বোধি দুনাই বুলিলন্ত শুনা কথা সাৰোত্তৰ ৷ দৈৱকী-নন্দন বিনে আন দেৱ নাহি নাহি শ্রেষ্ঠতৰ ৷৷ [৪৮৩] নাম বিনে একো ধর্ম্ম নাহি কয় কহিলো কৰি নিশ্চয় ৷ শুনি মাধৱৰ পুলকিত তনু দ্রৱিত ভৈলা হৃদয় ৷৷ সিদ্ধান্ত লভিয়া আনন্দে মাধৱে সন্তোষ লভি মনত ৷ হুয়া অৱনত পৰি প্রণামিলা শঙ্কৰৰ চৰণত ৷৷ [৪৮৪] শঙ্কৰে বোলন্ত কেনে প্রণামিলা কহিয়ো আৰ কাৰণ ৷ মাধৱে দুনাই গদ গদ বাক্যে বুলিবে লৈলা বচন ৷৷ ঝাত ঝাত কৰি শৰীৰ শিহৰে সন্তোষ আতি মনত ৷ কৃতাঞ্জলি কৰি বুলিবে লাগিলা হুয়া আতি অৱনত ৷৷ [৪৮৫] অসম্ভাৱনাক আদি কৰি আনো যতেক অজ্ঞানচয় ৷ অনেক জন্মৰ যত দুর্ব্বাসনা আনো গ্রন্থি সমস্তয় ৷৷ তোমাৰ চৰণে পশিলো শৰণে আজি ধৰি কৃপাময় ৷ তযু বাক্যে মোৰ সমস্তে গুছিলা ভৈলো আতি নিঃসংশয় ৷৷ [৪৮৬] মাধৱৰ ভাৱ দেখি আনন্দিত মন ভৈলা শঙ্কৰৰ ৷ অনেক শাস্ত্রৰ যুক্তি আনি আৰো কহিলা কথা বিস্তৰ ৷৷ অনন্তৰে পাচে মাধৱে উঠিয়া প্রণামিয়া শঙ্কৰক ৷ ৰামদাস সমে আনন্দিত মনে চলিয়া গৈল গৃহক ৷৷ [৪৮৭] শঙ্কৰ মাধৱে কৰিলা বিনোদ জীৱ তাৰিবাক প্রতি ৷ জানি বা নজানি পদে নিবন্ধিলো ৰামানন্দ হীনমতি ৷৷ শঙ্কৰ স্বৰূপে আসিলা ঈশ্বৰ জীৱ তাৰিবাৰ তৰে ৷ তান পন্থা ধৰি বোলা হৰি হৰি সভাসদ নিৰন্তৰে ৷৷ [৪৮৮]

Top ↑