PDF | Translation

‘আনদেৱ পূজে যিটো সেহি মোৰ দ্ৰোহী’: শৰণম্‌ আশ্ৰয়

শৰণ মানে আশ্ৰয় ৷ পৰমাৰ্থ প্ৰাপ্তিৰ কাৰণে প্ৰথমে দুঠা‍ইত শৰণ লব পাৰি ৷ যেনে শাস্ত্ৰ আৰু শাস্ত্ৰজ্ঞ ভক্ত ৷ শাস্ত্ৰ মানে সত্‍শাস্ত্ৰ ৷ যেনে - গীতা, ভাগৱত, বেদ, উপনিষদ, বেদান্ত, ঘোষা, ৰত্নাৱলী আদি শাস্ত্ৰ‌‌ই সত্‍শাস্ত্ৰ ৷ এই শাস্ত্ৰবোৰত সত্‍ পৰমাত্মা বস্তু বিষয়ক বিচাৰ আছে ৷ ভক্তি কি? ঈশ্ৱৰ কি? তেওঁক পাবৰ উপায় কি? সংসাৰ কি? তাক ত্যাগ কৰিবৰ উপায় কি?

উভয়ৰ গুণ দোষ বিচাৰ কৰি কৰ্ত্তব্যাকৰ্ত্তব্য বিষয়ে বেছিকৈ নিৰ্দ্ধাৰণ কৰি দিয়া আছে ৷ মহান পণ্ডিত সকলে শাস্ত্ৰক আশ্ৰয় কৰি বিচাৰ পূৰ্ব্বক গতি লাভ কৰিব ৷ কিন্তু আনবোৰে তেনে কৰিব নোৱাৰাত সত্‍শাস্ত্ৰ জনা ভক্ত এজনক আশ্ৰয় কৰি মানৱী জন্মৰ কৰ্ত্তব্য সিদ্ধি কৰিব ৷

এই শৰণ ধৰ্ম্ম সম্বন্ধে গীতাত সবিশেষ পোৱা যায় ৷ শ্ৰীকৃষ্ণদেৱে গীতাৰ শেষ অধ্যায়ত মাত্ৰ দুটি শ্লোকত সবাতো গুহ্যতম বাণী প্ৰচাৰ কৰিছে ৷ যেনে:

(১) মন্মনা ভৱ মদ্ভক্তো মদ্‌যাজী মাং নমস্কুৰু ৷ মামেৱৈষ্যসি সত্যং তে প্ৰতিজানে প্ৰিয়োহসি মে ৷৷ -১৮ ৷ ৬৫

অৰ্থাত্‍ :

মোতে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্ব্বক্ষণ মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ ৷ কহিলো তোমাত সত্যবাণী পাইবা সুখে মোক মহামানী তুমি প্ৰিয়তম সুহৃদ সখি আমাৰ ৷৷ -নাম-ঘোষা

(২) সৰ্ব্বধৰ্ম্মান্‌ পৰিত্যজ্য মামেকং শৰণং ব্ৰজ ৷ অহং ত্বাং সৰ্ব্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ ৷৷ -১৮ ৷ ৬৬

অৰ্থাত্‍ :

সৰ্ব্ব ধৰ্ম্ম এৰি এক শৰণ সাক্ষাত্‍ ৷ সুদৃঢ় বিশ্ৱাসে সখি লৈয়োক আমাত ৷৷ নকৰিবা ভয় হেৰা কৰোঁ অঙ্গীকাৰ ৷ সমস্তে পাপতে ম‍ই কৰিবো নিস্তাৰ ৷৷ -একাদশ

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ওপৰোক্ত গুহ্যতম বাণী তেৰাৰ প্ৰৱৰ্ত্তিত ধৰ্ম্মৰ অন্তৰ্ভুক্তি কৰি লৈছে ৷ এয়ে তেৰাৰ একশৰণ নাম বা ভাগৱত ধৰ্ম্ম ৷

এই একশৰণ ধৰ্ম্ম সম্বন্ধে তেৰাই লিখিছে:

ওবা নৰলোক / হৰি ভজিয়োক ধৰা ইটো উপদেশ ৷ এৰা আলজাল / জীৱা কতকাল জৰা ভৈল পৰবেশ ৷৷ অন্য দেৱী দেৱ / নকৰিবা সেৱ নাখাইবা প্ৰসাদ তাৰ ৷ মূৰ্ত্তিকো নচাইবা / গৃহো নপশিবা ভক্তি হৈব ব্যভিচাৰ ৷৷ কৃষ্ণৰ স্থানক / যত্নে চলিয়োক সাঞ্চিয়ো পুণ্যৰ দাম ৷ কৃষ্ণৰ কিঙ্কৰে / কহে নিৰন্তৰে ডাকি বোলা ৰাম ৰাম ৷৷ -২য় স্কন্ধ ভাগৱত

এই ধৰ্ম্ম ভক্তিমূলক ৷ উপাস্য এক কৃষ্ণদেৱ ৷ শ্ৰীকৃষ্ণ‍ই পৰম ব্ৰহ্ম, জ্ঞানময় আৰু আনন্দময় ৷ শ্ৰৱণ কীৰ্ত্তনেই এই ধৰ্ম্মৰ মূল বস্তু, যেনে:

যদ্যাপি ভক্তি নৱবিধ মাধৱৰ ৷ শ্ৰৱণ কীৰ্ত্তন তাতে মহাশ্ৰেষ্ঠতৰ ৷৷ -১ম স্কন্ধ ভাগৱত

শ্ৰৱণ কীৰ্ত্তন মনে মনে অস্পষ্টভাৱে কৰা নহয় ৷ ই সাৰ্ব্বজনিক্‌ ৷ সমৱেত ভকতে একেলগে শুনিব আৰু গাব ৷ ইয়াত সকলোৰে সমান অধিকাৰ ৷

এই ধৰ্ম্মৰ প্ৰধান বৈশিষ্ট্য একেশ্ৱৰবাদ বা অদ্ৱৈত জ্ঞান ৷ ‘একমেবাদ্ৱিতীয়ম্‌’ ৷ একদেৱ, একসেৱ, এক বিনে নাহি কেৱ ৷৷

মায়াতেসে দেখয় বিবিধ পৰিচ্ছেদ ৷ স্ৱৰূপতে তোমাৰ নাহিকে কিছু ভেদ ৷৷ চৈতন্য স্ৱৰূপে ব্যাপি এক নিৰঞ্জন ৷ তোমাক বুলিবে দ্ৱৈত কোন অজ্ঞজন ৷৷ -কীৰ্ত্তন

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰৱৰ্ত্তিত একশৰণ ধৰ্ম্মত দাস্যভাৱৰহে উত্‍কৃষ্টতা প্ৰমাণ কৰিছে ৷ তেৰা নিজেই কৃষ্ণৰ কিঙ্কৰ ৷ এই ধৰ্ম্মত ৰাধাও নাই আৰু মধুৰ ভাবো নাই ৷ অৱশ্যে তাত সখিত্ৱৰ উল্লেখ আছে ৷তেৰাৰ ধৰ্ম্মত দীক্ষা নাই আৰু ষোল্ল নামৰ মন্ত্ৰও নাই ৷ আছে মাত্ৰ কৃষ্ণত শৰণ ৷ শৰণত চাৰি বস্তু আছে ৷ যেনে—গুৰু, দেৱ, নাম আৰু ভকত ৷

চাৰিও বস্তুৱে একে ভগৱন্তকে নিৰ্দ্দেশ কৰে ৷

ধ্যান যজ্ঞ পূজা একো কলিত নকৰি ৷ হুয়া একশৰণ কীৰ্ত্তন সদা কৰি ৷৷ এতেকে তৰিবা সুখে সংসাৰ সাগৰ ৷ নিশ্চয় কলিত হোৱে নাৰায়ণ পৰ ৷৷ -ৰত্নাকৰ

ওপৰৰ চাৰি বস্তুৰ ভিতৰত গুৰুৰ অৰ্থ কৃষ্ণক চিনাওঁতা গুৰু, অৰ্থাত্‍ শ্ৰীশঙ্কৰদেৱ, দেৱৰ অৰ্থ কৃষ্ণদেৱ, নামৰ অৰ্থ হৰিনাম আৰু ভকতৰ অৰ্থ সাধুসঙ্গ ৷

এই ধৰ্ম্মৰ অপৰ নাম ভাগৱত ধৰ্ম্ম বা নামধৰ্ম্ম ৷

এই ধৰ্ম্মৰ লোকসকলে যদি আন দেৱ-দেৱীৰ পূজা সেৱা কৰে তেন্তে ভক্তি ব্যভিচাৰ হয় ৷ যেনে:

নকৰিবা সেৱা সখি আন দেৱতাৰ ৷ নুহি যেন আমাৰ ভকতি ব্যভিচাৰ ৷৷ -একাদশ

অন্য দেৱ-দেৱতা পূজা কৰা কিমান দোষৰ কথা আৰু পাপৰ কথা, তলত উদ্ধৃত কৰা মহাপুৰুষৰ লিখনিৰ পৰা বুজিব পাৰি:

অনাচাৰ কৰি অপৰাধী মোৰ নুহি ৷ আন দেৱ পূজে যিটো সেহি মোৰ দ্ৰোহী ৷৷ সেহি একশৰণ ভজন অনুপাম ৷ কৰ্ণে নুশুনিবে আন দেৱতাৰ নাম ৷৷ অব্যভিচাৰিণী তাকে বোলয় ভকতি ৷ নাহিকে প্ৰয়াস আতি অল্পে সাধে গতি ৷৷ -ভক্তি ৰত্নাকৰ

(শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ‘নাম-ধৰ্ম , একত্ৰ সঙ্কলন: প্ৰথম খণ্ড’ৰ পৰা)

Top ↑